গোলাঘাট : গোলাঘাট জিলাৰ ৪ নং ৰংবং গাঁৱৰ এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজত উদ্ধাৰ হৈছে এটা নাহৰফুটুকীৰ মৃতদেহ ৷ সোমাবৰে পুৱা বাগিচাখনত এজন শ্ৰমিকে কাম কৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে অৰ্ধগলিত নাহৰফুটুকীটোৰ মৃতদেহ ৷ তাৰ পাচতে শ্ৰমিকজনে মৃত বাঘটোৰ সন্দৰ্ভত বাগিচাৰ মালিকক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বাগিচাৰ মালিকে বন বিভাগক খবৰ দিয়ে ৷খবৰ লাভ কৰিয়েই পশু চিকিৎসকক লগত লৈ বন বিভাগৰ এটা উক্ত স্থানত উপস্থিত হয় ৷ তাৰ পাচতে তেওঁলোকে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ অন্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ৷ বাতৰি লিখা পৰলৈকে এই বাঘটো কি কাৰণত মৃত্যু হ’ল সেয়া জানিব পৰা হোৱা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ।এই ঘটনাৰ সম্পৰ্কে স্থানীয় এজন লোকে কয়, ‘‘৪ নং ৰংবঙত উৱলি যোৱা অৱস্থাত এটা নাহৰফুটুকী বাঘ পৰি আছিল । বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকে প্ৰত্যক্ষ কৰি বাগিচাৰ মালিকক খবৰ দিয়ে । তাৰ পাচতে বাগিচাৰ মালিকে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ৷’’লগতে পঢ়ক : উৰুকাৰ এনিশা পূৰ্বে গুলী ফুটাই গঞাক কি কি সৰ্তকবাণী দিলে বন বিভাগেলগতে পঢ়ক : জীৱনক লৈ শংকা: তথাপিও এৰা নাই ৫০০ বছৰীয়া পৰম্পৰা
Category
🗞
NewsTranscript
00:00My name is Sainul Rangbong.
00:02This is the Nahaar Poteki tiger.
00:04It has been killed.
00:06The forest department told me that
00:08this tiger has been killed.
00:10I informed the forest department.
00:12They told me that the tiger
00:14has been killed.
00:16It has been killed.
00:18I informed the forest department.
00:20They told me what to do
00:22and what to do.