কলিয়াবৰ: সমগ্ৰ ৰাজ্যজুৰি এতিয়া হেঁপাহৰ ব'হাগ বিহুৰ পাৰ ভঙা উছাহ । ব'হাগ বিহুৰ প্ৰথমদিনটো সোমবাৰে গৰুবিহু হিচাপে পালন কৰা হৈছে । গৃহস্থই ঘৰৰ গৰু-গাইক নোৱাই-ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে । লগতে চহা জীৱনৰ অন্যতম সম্পদ গোধনক পূজাৰ অংশ হিচাপে পৰম্পৰা অনুসৰি গৰুবিহু পালন কৰা হৈছে ।তাৰ মাজতে বিহুৰ পৰম্পৰা ৰক্ষা কৰি মাহ-হালধিৰে ঘৰৰ গৰু-গাইকেইটাক নোৱাই-ধুৱাই বছৰটোৰ বাবে মংগল কামনাৰে আশিস ল'লে মন্ত্ৰী কেশৱ মহন্তই । সোমবাৰে পুৱাতে গৰুক গা ধুওৱা কাৰ্যত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গ'ল মন্ত্ৰী কেশৱ মহন্তক ।ইফালে গৰুবিহু প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, "গৰুবিহুৰ দিনা পূৰ্বৰ দৰেই ঘৰৰ সকলোটি মিলি গাই-গৰুকেইটা নোৱালোঁ-ধুৱালোঁ । আমি আশাকৰোঁ আমাৰ গোহালিটো কেতিয়াও খালী নহওক, বছৰে-বছৰে বাঢ়ি যাওক । সেই আশাৰেই নতুন বছৰৰ আৰম্ভণিৰ প্ৰাকক্ষণত সকলোৰে মংগল কামনাৰে আশিস লওঁ ।"লগতে পঢ়ক :আজি গৰু বিহু: অসমীয়াৰ নজহা-নপমা পৰম্পৰাত বিলীন বিদেশী পৰ্যটকো - BOHAG BIHU 2025লগতে পঢ়ক :গৰুবিহুক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত ৰঙালীৰ ৰং, ভিন্ন ভাষা-ভাষী লোকেও কৰিলে অংশগ্ৰহণ - RONGALI BIHU 2025
Category
🗞
NewsTranscript
00:00Aumar,
00:29Thank you for having me.
00:59Thank you so much for joining us.