• last year
গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত এক শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে, য'ত বাসগৃহৰ ভিতৰত এগৰাকী বৃদ্ধাৰ নৰকংকাল উদ্ধাৰ কৰা হৈছে। মৃত বৃদ্ধাগৰাকীক পূৰ্ণিমা দেৱী (৭৫) বুলি চিনাক্ত কৰা হৈছে, যাৰ মৃত্যু প্ৰায় ৩ মাহ পূৰ্বে হোৱা বুলি সন্দেহ কৰা হৈছে।

বৃদ্ধাগৰাকী তেওঁৰ পুত্ৰ, জয়দীপ দেৰ সৈতে বাস কৰিছিল। স্থানীয় লোকৰ মতে, জয়দীপ মানসিকভাৱে অসুস্থ। এই ভয়ংকৰ ঘটনাৰ পিছত, নিশা জয়দীপক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীৰ লগতে ফৰেনছিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

আজি বৃদ্ধাগৰাকীৰ নৰকংকালৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জয়দীপৰ মোমায়েক আৰু মহাককো সোধা-পোছা কৰিছে। স্থানীয় ফটাশিল আৰক্ষী আৰু দণ্ডাধীশৰ দল বৃদ্ধাগৰাকীৰ ঘৰত উপস্থিত থাকে আৰু এই ঘটনাই চহৰজুৰি শিহৰণ সৃষ্টি কৰিছে।

এতিয়ালৈকে পোহৰলৈ অহা তথ্য অনুসৰি, পুত্ৰ জয়দীপে কেইবামাহ ধৰি নিজৰ মৃত মাতৃৰ নৰকংকালৰ সৈতে বাস কৰি আছিল বুলি জানিব পৰা গৈছে।
#ndsnews #guwahati #mysteriousdeath #oldwomendeath

Category

🗞
News

Recommended