ধনটেৰছৰ বজাৰত ভিৰ || Dhanteras Marketing

  • 2 years ago
আজি ধনটেৰছ। দিপাৱালীৰ পূৰ্বে পালন কৰা হয় ধনটেৰছ।

পোহৰৰ উৎসৱ দিপাৱালীৰ পূৰ্বে
দেশজুৰি পালন কৰা ধনটেৰছকলৈ অসমতো দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ।

হিন্দু ধর্মত ধনটেৰছৰ বিশেষ তাত্‍পর্য আছে। এই দিনটোত নতুন কোন বস্তু ক্ৰয় কৰাটো শুভ বুলি জনবিশ্বাস। সেইহে প্রতিবছৰে ধনটেৰছৰ দিনটোত সকলোৱে কিবা এটা নতুন বস্তু ক্ৰয় কৰে।

জ্যোতিষমতে, ধনটেৰছৰ দিনা সোণ, ৰূপৰ বা বাচন ক্রয় কৰাৰ নিয়ম আছে। ইয়াৰ ওপৰিও এই দিনটোত যদি নতুন গাড়ি বা সম্পত্তি ক্ৰয় কৰাটো অত্যন্ত শুভ।

সেইহে মহানগৰী গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ব্যাপক ভিৰ। বিশেষকৈ গহনাৰ দোকান সমূহত সোণ ৰূপ ক্ৰয় কৰিবলৈ ভিৰ কৰিছে ৰাইজে।

যোৱা দুটা বছৰে কভিড মহামাৰীৰ ফলত ধনটেৰছকলৈ ৰাইজৰ মাজত উৎসাহ নাছিল যদিও এইবাৰ পৰিস্থিতি উন্নত হোৱাত ৰাইজৰ মাজত উৎসাহ দুগুণ বৃদ্ধি পাইছে।


ইফালে গহনাৰ দোকান সমূহে গ্ৰাহক সকলক আকৰ্ষিত কৰিবলৈ বিশেষ ৰেহাইৰ ব্যৱস্থাও কৰা পৰিলক্ষিত হৈছে।

ইফালে গ্ৰাহক সকলৰ কোনোবাই যদি ক্ৰয় কৰিছে সোণৰ গহনা, কোনোবাই ক্ৰয় কৰিছে ৰূপৰ গহনা। কোনোবাই যদি পত্নীৰ বাবে সোণৰ চেইন কিনিছে কোনোবাই কিনিছে আঙুঠি।

Category

🗞
News

Recommended